Show/Hide Keyboard Layout

মোৰ মিনতি

- নিৰ্মলপ্ৰভা বৰদলৈ

মোৰ মিনতি তৰা হয় যদি

তোমাৰ আকাশ চুব

মোৰ এই গান যদি সুৰ হয়

মোৰ এই গান যদি সুৰ হয়

তোমাৰ বনত ৰ’ব

মোৰ মিনতি তৰা হয় যদি

তোমাৰ আকাশ চুব

মোৰ এই গান যদি সুৰ হয়

মোৰ এই গান যদি সুৰ হয়

তোমাৰ বনত ৰ’ব

মোৰ মিনতি তৰা হয় যদি

তোমাৰ আকাশ চুব ।

 

মোৰ এই কথা যদি সুৰ হয়

মোৰ এই সুৰ যদি জোন হয়

মোৰ এই কথা যদি সুৰ হয়

মোৰ এই সুৰ যদি জোন হয়

সেই জোনে তোলা জোনালী মায়াৰে, সৰু সুৰুঙাৰে

সেই জোনে তোলা জোনালী মায়াৰে, সৰু সুৰুঙাৰে

মনে মনে গৈ, তোমাৰ মুখতে ৰ’ব

মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক’ব

মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক’ব

মোৰ মিনতি তৰা হয় যদি

তোমাৰ আকাশ চুব

মোৰ এই গান যদি সুৰ হয়

মোৰ এই গান যদি সুৰ হয়

তোমাৰ বনত ৰ’ব

মোৰ মিনতি তৰা হয় যদি

তোমাৰ আকাশ চুব ।

Hits: 1144